Daily Time Axom

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অসমৰ সংস্কৃতি শিকাতো দৰকাৰঃ অৰবিন্দ কেজৰিৱাল

34

নিউজ ডেস্ক, ২ এপ্ৰিলঃ কিছু সময় পূৰ্বে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। সোণাৰাম খেলপথাৰৰ বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে দুই গৰাকী মুখ্যমন্ত্ৰীয়ে।

বিমান বন্দৰত উপস্থিত হৈয়ে কেজৰিৱালে কয় যে, অসমৰ মানুহবোৰ ভাল, অতিথিক সন্মান কৰে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কাৰ পাহৰি গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কৃতি শিকিব লাগে।

লগতে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ কয় যে, মই ভিডিঅ’ দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ধমকি দিছে। কেজৰিৱাল আহিলে জেলত ভৰাই থ’ম। মই তেওঁক দিল্লীলৈ অহাৰ বাবে আহ্বান জনাইছো। তেঁও দিল্লীলৈ আহিলে মই ঘৰত চাহ খুৱাই দিল্লী ফুৰাম”।

Comments are closed, but trackbacks and pingbacks are open.