নিউজ ডেস্ক, ২ এপ্ৰিলঃ দক্ষিণ আমেৰিকাত সামুদ্ৰিক ধুমুহাৰ প্ৰলয়ংকৰী ৰূপ। প্ৰৱল ধুমুহাই প্ৰাণ ল’লে ২১জনকৈ লোকৰ। প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত আহিছিল ধুমুহা।
পূব আমেৰিকাৰ দক্ষিণ-মধ্য আৰু পূব অঞ্চলত বিধ্বংসী বতাহ আৰু শক্তিশালী ধুমুহাই ক্ষতি কৰে। এই ধুমুহাত কেইবাটাও ঘৰ ছিন্ন-ভিন্ন, গাড়ী, বিদ্যুৎ পৰিবাহী তাঁৰ আৰু গছবোৰ মাটিৰ পৰা উভালি পৰে। ইয়াৰপিছতেই ৬০ৰো অধিক স্থানত সতৰ্কতামূলক এলাৰ্ট জাৰি কৰা হয়।
টেনেচি ৰাজ্যত সাতজন লোকৰ মৃত্যু, দক্ষিণৰ আৰ্কান্ সাছ, মিচিচিপি আৰু আলাবামা, মিডৱেষ্টৰ ইণ্ডিয়ানা ইলিনয়ত ১৪ জন লোকৰ মৃত্যু আৰু ৰাজধানী লিটল ৰককত প্ৰায় পাঁচজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।