ইনষ্টাগ্ৰামত প্ৰৱেশ কৰিলে বিজয়ে

ছ’চিয়েল মিডিয়াত আটাইতকৈ জনপ্ৰিয় ফটো-ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম ইনষ্টাগ্ৰামত প্ৰৱেশ কৰিছে চাউথৰ জনপ্ৰিয় অভিনেতা থালাপাথী বিজয়ে। অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰথমখন ছবিৰে নিজৰ অনুৰাগীসকলক সম্ভাষণ জনায়।

ইফালে নতুন একাউণ্টটো খোলাৰ কিছু মুহূৰ্তৰ ভিতৰতে বিজয়ে ৪ লাখ ফ’ল’ৱাৰ লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ টুইটাৰৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰিছিল। অৱশ্যে যথেষ্ট দিনৰ পৰা ছ’চিয়েল মিডিয়াৰ পৰা ব্যক্তিগত বিৰতি লৈছিল তাৰকাগৰাকীয়ে। তেওঁৰ দলটোৱে তেওঁৰ কামৰ সকলো খবৰ আৰু আপডেট শ্বেয়াৰ কৰি আছিল। কিন্তু অনুৰাগীয়ে বিচাৰিছিল বিজয়ে নিজেই কিবা এটা শ্বেয়াৰ কৰি অনুৰাগীৰ মাজলৈ ঘূৰি আহিব।

সদ্য মুক্তি পোৱা ‘বৰিছু’ চিনেমাখনৰ অডিঅ’ উন্মোচন কৰাৰ পাছত বিজয়ে পুনৰ অনুৰাগীৰ মাজলৈ আহিছে এক নতুন ভিডিঅ’ৰে। কিন্তু এতিয়াৰ পৰা অনুৰাগীসকলে আশা কৰিছে যে তাৰকাগৰাকীয়ে অনুৰাগীৰ সৈতে নিয়মিতভাৱে ছবি আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব আৰু তেওঁলোকৰ সৈতে যোগাযোগ ৰাখিব।

বিজয়ক শেষবাৰৰ বাবে দেখা গৈছিল ‘বৰিছু’ চিনেমাত। বৰ্তমান লোকেশ কানাগৰাজৰ পৰিচালনাত নিৰ্মিত ‘সিংহ’ চিনেমাত কাম কৰি আছে বিজয়ে। চিনেমাখনত বিজয়ৰ বিপৰীতে দেখা যাব সঞ্জয় দত্তক। বৰ্তমান এই চিনেমাখনৰ শ্বুটিং চলি আছে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiInternationalNew Delhi
Comments (0)
Add Comment