ৰাইজৰ মতামত অবিহনে গোপনে নতুন সুলভ মূল্যৰ দোকানীক অনুজ্ঞাপত্ৰ প্ৰদান
গোসাঁইগাঁও মহকুমা খাদ্য আৰু অ সামৰিক যোগান বিভাগৰ অধীনস্ত ১ নম্বৰ ভদেয়াগুৰি গাঁৱৰ সুলভ মূল্যৰ দোকানী লৈ চলিছে কুটিল ৰাজনীতি। ৰেচন কাৰ্ড ভুক্ত গ্ৰাহক সকলে বিচৰা ব্যক্তিক সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰি গোপনে আন এজন লোকৰ নামত অনুজ্ঞাপত্ৰ দিয়াৰ অভিযোগ গাঁওবাসীৰ । গাঁৱৰ অধিকাংশ ৰাইজে উত্থাপন কৰা অভিযোগ মতে, গোসাঁইগাঁও মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগে গাঁওবাসীৰ মতামত গ্ৰহণ নকৰাকৈ গোপন মিতিৰালী কৰি আন এজন লোকক অনুজ্ঞাপত্ৰ দিয়ে। ইয়াৰ বিৰুদ্ধে গাঁৱৰ ৰাইজে ক্ষুব্ধ হৈ পৰিছে।
গোসাঁইগাঁও মহকুমাৰ ১ নম্বৰ ভদেয়াগুৰি গাঁৱৰ সুলভ মূল্যৰ দোকানী বলৰাম প্ৰসাদ ৰেচনৰ সামগ্ৰী আত্মসাত কৰাৰ অভিযোগত এক বছৰ পূৰ্বে বিভাগে তেওঁক চাচপেন কৰি ওচৰৰে আন এজন সুলভ মূল্যৰ দোকানী জীৱন দাসৰ ওচৰত ৰেচনৰ সামগ্ৰী যোগান ধৰে। তেতিয়াৰ পৰাই গাঁৱৰ ৰাইজে জীৱন দাসৰ পৰাই ৰেচনৰ সামগ্ৰী খাই আহিছে। ইয়াৰ ভিতৰতে নতুন কৈ ৰেচন দোকানৰ অনুজ্ঞাপত্ৰ দিব বুলি জানি গাঁওখনৰ পৰা দহ জন লোকে আবেদন কৰে। ৰেচন দোকানৰ অনুজ্ঞাপত্ৰ দিবলৈ গাঁওখনত গৈ বিভাগীয় বিষয়া কৰ্তৃপক্ষই ৰাইজৰ মতামত লৈ বাছনি কৰাৰ নিয়ম আছে যদিও সেয়া নকৰি কাৰ্যালয় বহি থাকি ৰাইজৰ মতামত লোৱা বুলি দেখুৱাই গোপনে ধনৰ বলেৰে বলিয়ান হোৱা এজন ব্যক্তিক অনুজ্ঞাপত্ৰ প্ৰদান কৰে।নতুন ৰেচন দোকানৰ গৰাকী মুজাফৰ আলীৰ পৰা ৰাইজে তিনি মাহৰ পৰা চাউল সমূহ গ্ৰহন কৰা নাই।বিটিচিৰ ৰেচন বিভাগৰ দায়ীত্বত থকা কাৰ্য্যবাহী সদস্য উকিল মুছাহাৰীৰ লগতে মহকুমা খাদ্য আৰু অ সামৰিক যোগান বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক অবৈধ ধনৰ লেনদেনত জড়িত থকা বুলি ৰাইজে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে।