Daily Time Axom

মাণিকপুৰৰ চকিহালীত ৰাইজে নিৰ্মাণ কৰিলে পথ

0 28

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ চকিহালীত ৰাইজৰ তৎপৰতাত পথ মেৰামতি কৰা হয় ৷ চকিহালী উন্নয়ন সমিতিৰ উদ্যোগত গাও খনৰ প্ৰায় শতাধিক ৰাইজ ওলাই আহি যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে হাতে হাতে কোৰ -খন্তি লৈ ৰাস্তাৰ ওপৰত মাটি পেলাই থকা দেখা গৈছে ৷ গাৱৰ আটাইকেইটা পথৰ মেৰামতিৰ কাম ৰাইজৰ গাঠিৰ ধনেৰে কৰিবলগীয়া হৈছে যদিও স্থানীয় জনপ্ৰতিনিধিৰ ভুমিকাৰ প্ৰতি ৰাইজ ক্ষোভ প্ৰকাশ কৰিছে ৷ এজাক বৰষুণ পৰিলেই গাঁও খনৰ ৰাস্তা- ঘাটৰ ওপৰেদি পানী বাগৰি যোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজে এইদৰে ৰাস্তাৰ কাম কৰি আছে বুলি জানিব পৰা গৈছে ৷ এইক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে ৷

Leave A Reply

Your email address will not be published.