Daily Time Axom

শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৩জনকৈ লোকৰ থিতাতে মৃত্যু, গুৰুতৰভাৱে আহত ২জন

41

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ এক শোকাৱহ পথ দুৰ্ঘটনা৷ পুৱতি নিশা দুধনৈৰ ফফলত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত তিনিজনকৈ লোক৷ এটি কিশোৰসহ এগৰাকী মহিলা সংকটজনক অৱস্থাত চিকিৎসাধীন৷ তীব্ৰবেগী কুইড বাহনে ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলত দুধনৈত সংঘটিত হয় দুৰ্ঘটনা৷

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক তিনিজনক ক্ৰমে আনাৰুল ইছলাম, নুৰ ইছলাম আৰু বিকি বৈশ্য বুলি চিনাক্ত কৰিছে। আঘাতপ্ৰাপ্ত লোক দুজন হৈছে কালেমা খাতুন আৰু মুখতাৰ হুছেইন।

দুৰ্ঘটনাত পতিত হোৱা লোক কেইজনে গুৱাহাটীৰ পৰা মানকাচৰলৈ কোনো আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ ল’বলৈ গৈ আছিল বুলি আৰক্ষীয়ে জনায়।

Comments are closed, but trackbacks and pingbacks are open.