নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ৰাজভৱনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই পাঠ কৰোঁৱালে শপত বাক্য। অনুষ্ঠানত উপস্থিত থাকে DGP জি পি সিং, ADGP হীৰেন নাথ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ।
উল্লেখ্য যে, চলিত বছৰৰ ৩১ জানুৱাৰীত অসম আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ভাস্কৰজ্যোতি মহন্তই। তাৰ পিছতে তেওঁ মুখ্য তথ্য আয়ুক্ত ড০ অজিত প্ৰসাদ ৰাউটৰ ঠাইত নিযুক্তি প্ৰদান কৰা হৈছিল।