Daily Time Axom

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ সু-খবৰ! ১ লাখ নিবনুৱালৈ আৰ্থিক সাহায্য চৰকাৰৰ

37

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ সু-খবৰ। ৰাজ্যৰ ১ লাখ নিবনুৱাক আৰ্থিক সাহায্য দিব চৰকাৰে। ১ লাখ নিবনুৱাক ২ লাখকৈ টকা দিয়াৰ সিদ্ধান্ত চৰকাৰৰ। কোনো বেংকৰ গেৰান্টী নোহোৱাকৈ এই সাহায্য দিব চৰকাৰে।

ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীক সকাহ প্ৰদানৰ উদ্দেশ্যি গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বুধবাৰে গহপুৰত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

এক লাখ কৰ্মহীন যুৱক-যুৱতীক কৰ্ম সংস্থাপন প্ৰদানৰ উদ্দেশ্যি এই পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ৷

Comments are closed, but trackbacks and pingbacks are open.