নিউজ ডেস্ক, ৫ এপ্ৰিলঃ আজি গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব IPL মেচ। বৰ্ষাপাৰাত সমুখ সমৰত নামিব ৰাজস্থান ৰয়েলছ বনাম পাঞ্জাব কিংছ। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। দৰ্শকৰ বাবে প্ৰৱেশ দ্বাৰ খুলি দিয়া হ’ব আবেলি ৪ বজাত।
খেলৰ পূৰ্বে অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠানো। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ লগতে উত্তৰ পূবৰ বিভিন্ন সাংস্কৃতিক দলে পৰিৱেশন কৰিব এই অনুষ্ঠান। লগতে থাকিব লেজাৰ শ্ব’। খেলৰ শেষত প্ৰদৰ্শন কৰা হ’ব আতচবাজি।
প্ৰথমবাৰৰ বাবে গুৱাহাটীত IPLৰ খেল উপভোগ কৰিবলৈ উৎসাহী হৈ পৰিছে দৰ্শকসকল। বতৰে খেলত বিধি–পথালি দিব নেকি তাক লৈ চিন্তিত ক্ৰিকেটপ্ৰেমী।জানিব পৰা মতে, এই খেলখন উপভোগ কৰিব অসমৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো।