Daily Time Axom

তেজপুৰত অৱতৰণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

0 31

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু বৃহস্পতিবাৰে বিয়লি অসমৰ তেজপুৰত অৱতৰণ কৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তেজপুৰ বিমানবন্দৰত তেওঁক আদৰণি জনায়।কাজিৰঙাৰ গজ উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ নিৰ্ধাৰিত তিনিদিনীয়া অসম ভ্ৰমণত আহিছে ৰাষ্ট্ৰপতি মুৰ্মু । তেওঁ জীপ আৰু হাতী ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব। কাজিৰঙা গজ উৎসৱ হৈছে এছিয়াটিক হাতী সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে আয়োজিত এক উৎসৱ। ৰাজ্যত বৃদ্ধি পোৱা মানুহ-হাতী সংঘাতৰ ওপৰত আলোকপাত আৰু সমাধানৰ উপায় বিচাৰি উলিওৱাৰ লক্ষ্যৰে বন বিভাগ আৰু পৰ্যটন বিভাগে যৌথভাৱে আয়োজন কৰিছে এই উৎসৱ। সুন্দৰকৈ সজাই তোলা শ শ ঘৰচীয়া এছিয়াটিক হাতীৰ পেৰেড, দৌৰ, ফুটবল আৰু নৃত্যৰ দৰে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বুধবাৰৰ পৰা আৰম্ভ হোৱা গৌহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনতো অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুয়ে। উচচ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ শোভা বঢ়াব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অহা ৭ এপ্ৰিলত (শুকুৰবাৰে) । ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুদেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।


Leave A Reply

Your email address will not be published.