সিদ্ধুৱে ৰাহুলক লগ পাই কি ক’লে

নৱজোত সিং সিদ্ধুৱে বৃহস্পতিবাৰে দিল্লীত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাক সাক্ষাৎ কৰে। তেওঁ কয়, ৰাহুলে তেওঁক ‘মেণ্টৰ’ আৰু প্ৰিয়ংকাই ‘বন্ধু, দাৰ্শনিক, গাইড’ বুলি সম্বোধন কৰিছিল। কংগ্ৰেছ নেতা সিদ্ধুৱে কয় যে পঞ্জাৱ আৰু ইয়াৰ নেতাৰ দায়িত্ব সলনি নহয়।

কংগ্ৰেছ নেতা সিদ্ধু ১০ মাহ কাৰাগাৰত কটাবলগীয়া হোৱাৰ পিছত যোৱা শনিবাৰে পাটিয়ালাৰ পৰা মুকলি কৰি দিয়া হয়। ১৯৮৮ চনত ‘ইচ্ছাকৃতভাৱে আঘাত কৰা’ৰ গোচৰত তেওঁ জেলত আছিল। কাৰাদণ্ডৰ সময়সীমা আছিল এবছৰ। অৱশ্যে জেলত ভাল আচৰণৰ বাবে দহ মাহৰ পাছত মুকলি কৰি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক।

কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত সিদ্ধুৱে এককভাৱে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ বিৰুদ্ধে যুঁজ দিব। তেওঁ অভিযোগ কৰে যে ৰাজ্যত আইন-শৃংখলাৰ অৱনতি ঘটিছে। মুছেৱালাৰ নিৰাপত্তা কৰ্তন কৰা আপ চৰকাৰকো তীব্ৰ সমালোচনা কৰে সিদ্ধুৱে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment