Daily Time Axom

কামাখ্যা ৰে’ল ষ্টেচনত ভুৱা নথি-পত্ৰসহ ৩ বাংলাদেশীক আটক

99

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ কামাখ্যা ৰে’ল ষ্টেচনত ৩ বাংলাদেশীক আটক। ভুৱা পাৰপত্ৰ, আধাৰ কাৰ্ড লৈ অসমত প্ৰৱেশ কৰিছিল। ছিলেট জিলাৰ পৰা অসমত প্ৰৱেশ কৰিছিল তিনিওজনে। ধৃত বাংলাদেশী নাগৰিক কেইজন হ’ল আব্দুল কায়ুম, আজিম আলী, সজ্জিল মিঞা। তিনিওজনৰ পৰা বাংলাদেশৰ নথি-পত্ৰও জব্দ কৰা হয়। বিগত ছমাহ ধৰি তিনিওজনে কাশ্মীৰত কাম কৰি আছিল বুলি জানিব পৰা গৈছে ।

গুৱাহাটীত প্ৰৱেশৰ সময়তে ধৰা পৰিল বাংলাদেশী নাগৰিককেইজন। কামাখ্যা ৰে’ল ষ্টেচনত আৰপিএফৰ জোৱান আৰু ৰে’ল আৰক্ষীৰ যুটীয়া তালাচীত ধৰা পৰে বাংলাদেশী ৩জন।

Comments are closed, but trackbacks and pingbacks are open.