নিউজ ডেস্ক, ৬ এপ্ৰিলঃ ১২ ঘণ্টাৰ ভিতৰতে ঘোচ লৈ গ্ৰেপ্তাৰ তিনিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। বুধবাৰে সন্ধিয়া ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ নগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সুৰুজপল হক। পুৰণি বিচাৰাধীন গোচৰক সকাহ দিয়াৰ নামত ঘোচ লোৱাৰ সময়তে আৰক্ষী বিষয়াগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
বৃহস্পতিবাৰেও ঘোচ লৈ পুনৰ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল দুজন চৰকাৰী কৰ্মচাৰী। পুৱা ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ নগাঁৱৰ লহকৰঘাট গাঁও পঞ্চায়ত চেক্ৰেটেৰী মুকুট চন্দ্ৰ কুমাৰ।গৃহ মেৰামতিৰ কামৰ বাবে চেক মুকলি কৰাৰ বাবে উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ অভিযুক্তজন।
ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলে বিশ্বনাথঘাটৰ এফ এ আহমেদ হাইস্কুলত।এই অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ হাইস্কুলখনৰ এলডিএ মহম্মদ আনোৱাৰ হুছেইন।পেঞ্চনৰ কাম প্ৰক্ৰিয়াকৰণৰ বাবে ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় আনোৱাৰ হুছেইন।