Daily Time Axom

ভিটামিন কে কিয় খাব লাগে

0 39

হাড়ৰ স্বাস্থ্য আৰু হাড়ৰ ক্ষয় প্ৰতিৰোধৰ বাবে ভিটামিন কে এক গুৰুত্বপূৰ্ণ ভিটামিন। এজন প্ৰাপ্তবয়স্ক পুৰুষক প্ৰতিদিনে ১৩৮ মাইক্ৰ’গ্ৰাম আৰু এগৰাকী মহিলাক ১২২ মাইক্ৰ’গ্ৰাম ভিটামিন কেৰ প্ৰয়োজন হয়। ৰঙা জলকীয়া, কল, সেউজীয়া শাক-পাচলি, টমেটো, শসা, ফুলকবি, ধনীয়া, ব্ৰকলি, কবি, কঠিন পনিৰ আদিত ভিটামিন কে থাকে। ভিটামিন কে দুই প্ৰকাৰৰ। ভিটামিন ‘কে১’ আৰু ভিটামিন ‘কে২’। সেউজীয়া শাক-পাচলি, বীন, কুঁহিয়াৰ, মিঠা কুমলীয়া ডালিমত ভিটামিন কে ১ থাকে। মাখন, পনিৰ, গৰুৰ যকৃত আৰু কণীৰ কুহুমত ভিটামিন কে ২ থাকে।

কিয় নাটনি হয়?

সাধাৰণতে খাদ্যৰ পৰা এই ভিটামিন পৰ্যাপ্ত পৰিমাণে নাপালে ভিটামিন কেৰ অভাৱ হয়। তেজ পাতল কৰা ঔষধ, দীৰ্ঘদিন ধৰি এন্টিবায়টিক ব্যৱহাৰ আৰু কলেষ্টেৰল হ্ৰাস কৰা ঔষধেও ভিটামিন কেৰ অভাৱ ঘটাব পাৰে।

ভিটামিন কেৰ কাৰ্য্য

*ৰক্তক্ষৰণৰ সময়ত তেজ জমা হোৱাত সহায় কৰে।

*হাড় গঠনত সহায় কৰে।

*যকৃতত গ্লাইক’জেন হিচাপে মানুহৰ শৰীৰত অতিৰিক্ত গ্লুক’জ জমা হোৱাত সহায় কৰে।

  • কেন্সাৰ কোষৰ গঠনত বাধা দিয়ে।

*গৰ্ভাৱস্থাত ৰাতিপুৱাৰ ৰোগ কমোৱাত সহায় কৰে।

ভিটামিন কে সমৃদ্ধ খাদ্য

পালেংশাক

কচুত ভিটামিন কে বেছি থাকে। ইয়াৰ বাহিৰেও কচুত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে, যেনে- ভিটামিন ‘এ’, ‘বি’, ‘ই’, মেগনেছিয়াম, ফ’লেট আৰু আইৰণ।

বাদাম

বিভিন্ন প্ৰকাৰৰ বাদামত ভিটামিন কে থাকে। কাজু বা আখৰোট ভিটামিন কেৰ অন্যতম উত্তম উৎস।

চয়াবিন

ভিটামিন কে-১ আৰু ভিটামিন কে-২ দুই প্ৰকাৰৰ। ভিটামিন কে-১ উদ্ভিদৰ পৰা আৰু ভিটামিন কে-২ পশুৰ উৎস আৰু কিম্বন কৰা খাদ্য, যেনে পনিৰৰ পৰা কম পৰিমাণে আহে। অৱশ্যে চয়াবিন আৰু চয়াবিনৰ তেলতো পৰা ভিটামিন কে-২ পোৱা যায়।

বেদানা

ছয় আউন্স বেদানাত ১৯ মাইক্ৰ’গ্ৰাম ভিটামিন কে থাকে। কৰেণ্টত প্ৰচুৰ পৰিমাণে আইৰণ আৰু পটাছিয়াম থাকে। হিম’গ্লবিনৰ মাত্ৰা বজাই ৰাখিবলৈ দৈনিক এক কাপ বেদানাৰ ৰস সেৱন কৰিব পাৰি।

ইয়াৰ বাহিৰেও চালগুম, কণীৰ কুহুম,লিভাৰ, দালি, সৰিয়হ, কুঁহিয়াৰ, পনিৰ, দৈ, গাখীৰ আদিত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন কে উপলব্ধ।

Leave A Reply

Your email address will not be published.