আমেৰিকা যুক্তৰাষ্ট্ৰৰ টাইম আলোচনীয়ে কৰা সমীক্ষাৰ ফলাফলত প্ৰভাৱশালী ব্যক্তিৰ তালিকাত লিয়নেল মেছিক পৰাস্ত কৰি শীৰ্ষ স্থান দখল কৰিলে বলীউডৰ তাৰকা শ্বাহৰুখ খানে।
এই তালিকাত তেওঁৰ পিছতে আছে ফেচবুকৰ স্বতাধিকাৰ মাৰ্ক জুকাৰবাৰ্গ, টেনিছ তাৰকা চেৰেনা উইলিয়ামছ, হলিউডৰ তাৰকা মেঘান মাৰ্কল, প্ৰিন্স হেৰী।
২০২৩ চনৰ ‘টাইম হাণ্ড্ৰেড প’ল’ৰ উদ্যোগত আমেৰিকাৰ আলোচনী টাইমৰ সমীক্ষাত ১২ লাখ লোকে অংশগ্ৰহণ কৰিছিল। এইগৰাকী বলীউডৰ অভিনেতাগৰাকীয়ে পাঠকৰ ৪ শতাংশ ভোট লাভ কৰি শীৰ্ষস্থান দখল কৰে।
এই তালিকাত ৩ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে ইৰাণী মহিলা। মহামাৰীৰ সময়ত নিয়োজিত স্বাস্থ্যসেৱা কৰ্মীসকলে ২ শতাংশ ভোট লাভ কৰি এই তালিকাত তেওঁলোক তৃতীয় স্থানত আছে।
১.৯ শতাংশ ভোট লাভ কৰি এই তালিকাত চতুৰ্থ স্থানত আছে তাৰকা দম্পতী মেঘান মাৰ্কল আৰু প্ৰিন্স হেৰীয়ে। আৰু ফুটবল তাৰকা লিয়নেল মেছিয়ে ১.৮ শতাংশ ভোট লাভ কৰি এই তালিকাত পঞ্চম স্থানত আছে।