পৃথিৱীত ৰুবীৰ পাথৰৰ পৰা চকু আঁতৰাই নিব নোৱাৰা বহু লোক আছে। যি ৰুবি পাথৰ পিন্ধি ভাল পায়।
যুগ যুগ ধৰি মানুহে এই শিলটো আচৰিত ধৰণে ব্যৱাৰ কৰি আহিছে।
এইবাৰ নিলাম হ’বলৈ গৈ আছে বিশ্বৰ সৰ্ববৃহৎ ৰুবি পাথৰটো। ৮ জুনত নিউয়ৰ্কৰ ছ’থেবিজ মেগনিফিচেণ্ট জুৱেলছত নিলাম হ’ব।
এই ৰুবিৰ নাম এষ্ট্ৰেলা ডি ফুৰা। ওজন ৫৫.২২ কেৰেট। ছ’থেবিজে ইয়াৰ মূল্য ৩ কোটি ডলাৰ নিৰ্ধাৰণ কৰিছে।
যদি ইয়াতকৈ বেছি দামত বিক্ৰী হয় তেন্তে ই হ’ব পৃথিৱীৰ আটাইতকৈ দামী ৰুবি।
কানাডাৰ কোম্পানী ফুৰা জেমছে মোজাম্বিকৰ এটা খনিত এই ৰুবি আৱিষ্কাৰ কৰিছিল।
ছ’থেবিৰ নিলামকাৰী ৱুনি কিমে কয় যে ই নিলামৰ বাবে সাজু হৈছে। যোৱা বছৰৰ জুলাই মাহত খনিটোৰ পৰা উলিওৱাৰ সময়ত ইয়াৰ ওজন আছিল ১০১ কেৰেট।
তাৰ পিছত ইয়াক কাটি ৫৫ কেৰেটলৈ পলিচ কৰা হয়।