Daily Time Axom

ৰাজ্যত ভাৰত গৌৰৱ ৰে’লৰ সূচনা

0 26

উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটক সকলক আকৰ্ষণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱে আই আৰ চি টি ছিৰ সহযোগত ভাৰত গৌৰৱ ৰে’লৰ সূচনা কৰিছে। ৰঙিয়া মাণ্ডলিক ৰেলৱে প্ৰৱন্ধকৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে আই আৰ চি টি ছিৰ আঞ্চলিক প্ৰৱন্ধক আৰ এন ৰংমুংগে। তেওঁ কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত আঁচনিৰ অধীনত প্ৰৱৰ্তন কৰা এই বিশেষ ৰেলখন অহা ২৭ মে’ত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি ৬ জুনত পুণৰ ডিব্ৰুগড়লৈ উভতি আহিব। যাত্ৰা কালত পৰ্যটক সকলে অযোধ্যা, শ্ৰীমাতা বৈষ্ণদেবী, প্ৰয়াগৰাজ আৰু বাৰানসীৰ বিভিন্ন পৰ্যটনস্থলী আৰু ধৰ্মীয় ঠাই দৰ্শন কৰিব পাৰিব। ১০ নিশা ১১ দিনৰ এই ভ্ৰমণৰ বাবে প্ৰতিগৰাকী পৰ্যটকে শয়নযানৰ বাবে ২০৮৫০ আৰু বাতানুকুল কক্ষৰ বাবে ৩১১৩৫ টকা প্ৰদান কৰিব লাগিব। ইচ্ছুক যাত্ৰী সকলক আই আৰ চি টি ছি নাইবা ৰেল বিভাগৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.