নিউজ ডেস্ক, ৭ এপ্ৰিলঃ শুকুৰবাৰে বিজেপিত যোগদান কৰে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীয়ে। কেৰালাৰ কংগ্ৰেছ নেতা এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিৰ পিছত দক্ষিণ ভাৰতৰ দ্বিতীয়জন প্ৰাক্তন কংগ্ৰেছ নেতাই যোগদান কৰে বিজেপিত।
২০১৪ চনতে তেলেংগানা ৰাজ্য গঠনৰ পূৰ্বে অবিভক্ত অন্ধ্ৰ প্ৰদেশৰ অন্তিম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰী ৰেড্ডীয়ে ২০২৩ চনৰ মাৰ্চ মাহত দলীয় নেতৃত্বৰ সৈতে মত-ভেদৰ বাবে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে।
কংগ্ৰেছৰ পৰা পদত্যাগ কৰি নেতাজনে তেওঁৰ দল ‘জয় সমৈক্যন্ধ্ৰ’ গঠন কৰিছিল। অৱশ্যে, তেওঁ ২০১৪ চনৰ নিৰ্বাচনত নিৰ্বাচনী প্ৰভাৱ পেলাব নোৱাৰিলে। পিছত তেওঁ ২০১৮ চনত কংগ্ৰেছত পুনৰ যোগদান কৰিছিল কিন্তু দীৰ্ঘদিন ধৰি ৰাজনীতিত নিষ্ক্ৰিয় হৈ আছিল।
যোগদানৰ পিছতেই কিৰণ কুমাৰ ৰেড্ডীয়ে কয় যে, ‘মই জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনাইছো। মোৰ পৰিয়ালটো ১৯৫২ চনৰ পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে আৰু মই কেতিয়াও কংগ্ৰেছ এৰি যোৱাৰ কথা ভবা নাছিলো। কিন্তু কংগ্ৰেছৰ হাই কমাণ্ডৰ ভুল সিদ্ধান্তৰ বাবে দলটোৰ বহুত ক্ষতি হৈছে’।
Comments are closed, but trackbacks and pingbacks are open.