নিউজ ডেস্ক, ৭ এপ্ৰিলঃ কাজিৰঙাত মুকলি কৰা গজ উৎসৱত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ।
৭ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ আৰম্ভ হ’ব লগীয়া এই মহোৎসৱৰ শুভাৰম্ভ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে অনুষ্ঠানটিত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নৱনিৰ্বাচিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি গৰাকীয়ে এই দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুটা ৰেঞ্জত জীপ ছাফাৰীতো অংশগ্ৰহণ কৰিব । পূৰ্বে কাজিৰঙাৰ চাৰিওটা ৰেঞ্জত এই ছাফাৰী বাতিল কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত দুটা ৰেঞ্জত পুনৰ মুকলি কৰি দিয়া হয় ছাফাৰী । এই সময়ছোৱাত বাকী পৰ্যটকসকলৰ বাবে বন্ধ থাকিব কাজিৰঙাত সকলো প্ৰকাৰৰ ছাফাৰী ।