অৱশেষত উদ্ধাৰ ৬ জানুৱাৰীৰ পৰা লিডুৰ কয়লাখনিত নিখোজ হৈ থকা প্ৰাঞ্জল মৰাণৰ মৃতদেহ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ অৱশেষত উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ। লিডুৰ কয়লাখনিত উদ্ধাৰ ৬ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা প্ৰাঞ্জলৰ মৃতদেহটো। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে চলা তীব্ৰতৰ অভিযানৰ পাছতে কয়লাখনিৰ সুৰংগৰ মাজত পুতি থোৱা অৱস্থাত প্ৰাঞ্জলৰ মৃতদেহ নিশা উদ্ধাৰ কৰা হয়।

শুকুৰবাৰে পত্নী উৰ্বশী মৰাণক মৃতদেহ উদ্ধাৰ হোৱা বুলি জনালে IGP জিৎমল দলেয়ে। আজি সন্ধিয়াৰ ভিতৰত মৃতদেহ পৰিয়ালক গতাব আৰক্ষীয়ে। ফোনযোগে নিশ্চিতি প্রদান কৰিলে IGP গৰাকীয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃতদেহটো প্ৰাঞ্জল মৰানৰ হয় নে নহয়।

AssamAssamese NewsDaily time axomDeadbodyIndiaLedoRecover