Daily Time Axom

দেশত পুনৰ ক’ভিডৰ আতংক! একেদিনাই আক্ৰান্ত ৬হাজাৰৰ অধিক লোক

36

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ দেশত পুনৰ ক’ভিডৰ আতংক! একেদিনাই আক্ৰান্ত ৬হাজাৰৰ অধিক লোক।স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠকত বহিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে এক উচ্চ পৰ্যায়ৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

ক’ভিডক সহজভাৱে নলয় পূৰ্বৰ দৰেই নীতি-নিয়মসমূহ কঠোৰভাৱে মানিবলৈ সকলোকে আহ্বান জনায়। লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সকলো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলক ৮ আৰু ৯ এপ্ৰিলত চিকিৎসাললৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ দিয়ে।

আনহাতে, অসমত বৰ্তমানলৈ আক্ৰান্ত ২জন। অৱশ্যে ক’ভিডক লৈ চিন্তাৰ কাৰণ নাই বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

Comments are closed, but trackbacks and pingbacks are open.