Daily Time Axom

নয়ন্তৰাই অনুৰাগীৰ ফোন ভাঙি দিয়াৰ ভাবুকি দিলে কিয়

0 28

শেহতীয়াকৈ চাউথৰ তাৰকা অভিনেত্ৰী নয়ন্তৰা আৰু তেওঁৰ স্বামী অভিনেতা বিগনেশ শিৱনে কুম্বাকোনামৰ সমীপৰ কামাক্ষী আম্মান মন্দিৰত পূজা কৰিবলৈ গৈছিল।

লেডী ছুপাৰষ্টাৰগৰাকীক চাবলৈ তাত বহুত অনুৰাগীয়ে ভিৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আহিবলগীয়া হয় । তাৰকা দম্পতীয়ে পূজাৰ অন্তত আন এটা মন্দিৰলৈ যোৱাৰ সময়তে নয়ন্তৰাক এজন অনুৰাগীয়ে অসৎ আচৰণ কৰা দেখা গৈছিল।

ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ’। য’ত দেখা গৈছে, ৰে’ল ষ্টেচনত অনুৰাগীয়ে তাৰকা যুটিটোক সম্ভাষণ জনোৱাৰ পিছত এজন অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ ফটো তুলিবলৈ চেষ্টা কৰাৰ সময়ত খং উঠাত তেওঁৰ ফোনটো ভাঙি পেলোৱাৰ ভাবুকি দিয়ে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ইফালে এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত অনুৰাগী আৰু নেটিজেনে ইয়াৰ সপক্ষে আৰু বিপক্ষে মত দি আহিছে। একাংশৰ মতে অভিনেত্ৰীগৰাকীৰ এনে আচৰণ উচিত নহয়। একাংশৰ মতে ষ্টাৰডম বহুতৰে বাবে নহয়। কোনো কোনোৱে নয়ন্তৰাক সমৰ্থন কৰে যে সকলোৰে ব্যক্তিগত জীৱন আছে। কোনো ধৰণৰ হস্তক্ষেপ হ’ব নালাগে।

Leave A Reply

Your email address will not be published.