অঘৰী কুকুৰৰ আক্ৰমণত মৃত্যু এগৰাকী পাঁচ বছৰীয়া কিশোৰীৰ।
ছত্তীশগড়ৰ কোৰিয়া জিলাত সংঘটিত হৈছে এই ঘটনা।
শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা। বৈকুণ্ঠপুৰৰ মাৰ্গদৰ্শন স্কুল ৰোডৰ নিবাসী সুকান্তি (৫) পুৱা শৌচাগাৰলৈ গৈ আছিল। হঠাৎ ৰাস্তাৰ কুকুৰৰ দল এটাই কিশোৰীজনীক আক্ৰমণ কৰে। কুকুৰকেইটাই গুৰুতৰভাৱে আহত কৰে সুকান্তি। গোটেই শৰীৰত আঘাত পাই তেওঁৰ মৃত্যু হয়।
বৈকুণ্ঠপুৰ কোটিয়ালী থানাৰ বিষয়া অশ্বিনী সিঙে কয় যে, “ঘটনাটোৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে সেই স্থানলৈ যায়। প্ৰাথমিক ধাৰণা অনুসৰি অঘৰী কুকুৰে কামোৰাৰ ফলত শিশুটিৰ মৃত্যু হৈছে।মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ তদন্ত অব্যাহত আছে।”