Daily Time Axom

চৌদি আৰবত অনুষ্ঠিত হ’ল বিশ্বৰ সৰ্ববৃহৎ ইফতাৰ পাৰ্টি

0 33

বিশ্বৰ সৰ্ববৃহৎ ইফতাৰ পাৰ্টি চৌদি আৰবে অনুষ্ঠিত হ’ল। যোৱা সোমবাৰে ছৌদি আৰবে আয়োজন কৰা ইণ্ডোনেছিয়াৰ সুমাট্ৰা দ্বীপৰ পাডাঙত আঠ হাজাৰ উপবাসী লোকৰ বাবে ১২০০ মিটাৰ দীঘল ইফতাৰ টেবুল স্থাপন কৰা হৈছিল।

ইফতাৰ পাৰ্টিত উপস্থিত আছিল ছৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰী আৰু জাকাৰ্টাত নিযুক্তি দিয়া ছৌদি কূটনীতিবিদসকল। ইয়াৰ উপৰিও পশ্চিম সুমাত্ৰাৰ গৱৰ্ণৰ মহিল্ডি আনছাৰুল্লাহ, ছৌদি দূতাবাসৰ ধৰ্মীয় এটেচ আহমেদ বিন হামজী, বিভিন্ন বিশ্ববিদ্যালয়ৰ মুৰব্বী, ইছলামিক সংগঠনৰ নেতা আৰু ইণ্ডোনেছিয়াৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলো উপস্থিত থাকে।

পশ্চিম সুমাত্ৰাৰ গৱৰ্ণৰ মহিল্ডি আনছাৰুল্লাই কয়, আমি এই ইফতাৰ পাৰ্টিৰ বিষয়টো ৰেকৰ্ডৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছো। এই মহান ইফতাৰ পাৰ্টি আয়োজন কৰাৰ বাবে তেওঁ ছৌদি আৰৱৰ ৰজা ছলমান আৰু মহম্মদ বিন ছালমানক ধন্যবাদ জনায়।

Leave A Reply

Your email address will not be published.