পাইলটৰ আসনত ৰাষ্ট্ৰপতি, সূখয় যুদ্ধ বিমান উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ পাইলটৰ আসনত ৰাষ্ট্ৰপতি। সূখয় যুদ্ধ বিমান উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

আজি তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ সূখয় যুদ্ধ বিমানৰ পাইলটৰ আসনত বহিল ৰাষ্ট্ৰপতিগৰাকী। যুদ্ধবিমানত উৰা দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মূৰ্মু।

উল্লেখযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতিগৰাকী। কাজিৰঙাৰ গজ উৎসৱত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ কাৰ্যসূচীতো শুকুৰবাৰে অংশগ্ৰহণ কৰে দ্ৰৌপদী মূৰ্মুৱে।

AssamAssamese NewsDaily time axomDrapaudi MurmuSukhoi Su-30MKITezpur