নিজৰ মৰমৰ আইতাকক হেৰুৱাই কি লিখিলে দেৱালীনাই

হিন্দী ধাৰাবাহিক ‘সাথ নিভানা সঠিয়া’ত ‘গোপী বহু’ৰ চৰিত্ৰত অভিনয় কৰি চিনাকী হৈ পৰিছিল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। ‘বিগ বছ’কে ধৰি কেইবাটাও হিন্দী ৰিয়েলিটি শ্ব’তো তেওঁ অভিনয় কৰিছে।

যোৱা বছৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ জিম ট্ৰেইনাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু নতুন বছৰটোত তেওঁ নিজৰ ঘনিষ্ঠ লোকসকলক হেৰুৱাই পেলালে। অভিনেত্ৰী গৰাকীৰ আইতাকৰ দেহাৱসান হয়। দেৱলীনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আইতাকৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি অনুৰাগীৰ দৃষ্টিগোচৰ কৰে।

আইতাকৰ বিষয়ে এটা দীঘলীয়া পোষ্টত আৱেগিক অভিনেত্ৰীগৰাকীয়ে লিখিছে- “প্ৰিয় আইতা, মই তোমাক সদায় ভাল পাই আহিছো। আৰু তুমি সেইটো ভালদৰেই জানা। তোমাৰ হাতেৰে বনোৱা খাদ্য মোৰ প্ৰিয়। লাড়ুৰ পৰা ৰঙা পাচলিলৈ। তোমাৰ হাতৰ আচাৰৰ সোৱাদ এতিয়াও মোৰ মুখত লাগি আছে, আজিও স্পষ্টকৈ মনত আছে আমি আগতে গাঁৱত থকা দিনবোৰ। আপোনালোকৰ আশীৰ্বাদতেই আজি মই এই স্থানত উপস্থিত হৈছো। মই তোমাক বহুত মিছ কৰিম।”

অসমৰ কন্যা দেবালীনা ‘ডান্স ইণ্ডিয়া ডান্স’ ৰিয়েলিটি শ্ব’ৰ জৰিয়তে তেওঁ কেমেৰাৰ সন্মুখত আহে। ইয়াৰ পিছত তেওঁ গোপী বাহুৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। ইয়াৰ পিছত পিছলৈ ঘূৰি চাব লগা হোৱা নাই।

AssamAssamese NewsbollywoodDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment