মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ আমিনগাঁও আৰক্ষী চকী আৰু বিদ্যালয়ৰ সমীপত মুকলিকৈ চলিছে তীৰৰ ৰমৰমীয়া বেহা।
মৰান , বাপন , ভাস্কৰ, নাৰদ আদি ধৰণৰ একাংশ তীৰৰ বুকিয়ে এই তীৰৰ ৰমৰমীয়া বেহা চলাই গৈছে বুলি উল্লেখ কৰিছে ইয়াৰ লগত জড়িত লোকে । অকল আমিনগাঁৱতে নহয় মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চাংসাৰি, চৌকিগেট আদি অঞ্চলতো কেইজনমানে চলাই গৈছে তীৰ খেলৰ ৰমৰমীয়া বেহা। এতিয়া সমষ্টিটোৰ বিভিন্ন ঠাইৰ সৰু সৰু দোকান, গুমটি কিছুমানতো তীৰৰ বুকীয়ে টিকটৰ কাৰবাৰ চলাই আছে। এইসকলৰ কাৰুকাৰ্য্য আৰক্ষীয়ে দেখিও নিৰৱ ভূমিকা কিয় লৈ আছে তাকলৈহে প্ৰশ্নৰ অবতাৰণা হৈছে ।