Daily Time Axom

সাৱধান ! ইনষ্টাগ্ৰামত ভুৱা চাকৰিৰ ফান্দ, লিংকত ক্লিক কৰি লাখ টকা হেৰুৱালে যুৱতীয়ে

0 48

ভুৱা চাকৰিৰ বিজ্ঞাপনৰ জালত পৰি দিল্লীৰ এগৰাকী যুৱতীয়ে হেৰুৱালে ৮ লাখ টকা। ইনষ্টাগ্ৰামত চাকৰিৰ আবেদনৰ বিজ্ঞাপনত এটা লিংক দিয়া হৈছিল। তাত ক্লিক কৰি সকলো তথ্য পূৰণ কৰাৰ পিছত ছোৱালীজনীৰ পৰা ‘গেট পাছ ফি’, বীমা আৰু নিৰাপত্তাৰ নামত কেইবালাখ টকা লোৱা হ’ল। তেওঁ আৰক্ষীক অভিযোগ কৰাত অভিযুক্ত প্ৰতাৰকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ইনষ্টাগ্ৰামত চাকৰিৰ আবেদনৰ বিজ্ঞাপনৰ লিংকত ক্লিক কৰিলেই ‘AirlineJobAllIndia’ নামৰ এটা নতুন পেজ খোল খায়। ইয়াৰ পিছত ছোৱালীজনীয়ে বিজ্ঞাপনত দিয়া নিৰ্দেশনা অনুসৰি ফৰ্মখন পূৰণ কৰে। তাৰ পিছত তেওঁ ৰাহুল নামৰ এজন মানুহে যুৱতীদৰাকীক কল কৰে । আৰম্ভণিতে পঞ্জীয়ন মাচুল হিচাপে ৭৫০ টকা জমা কৰিবলৈ কোৱা হয়। অভিযোগ অনুসৰি, সেই ধন জমা কৰাৰ পিছত ব্যক্তিজনে ছোৱালীজনীৰ পৰা ‘গেট পাছ মাচুল’, বীমা আৰু নিৰাপত্তাৰ বাবে ৮ লাখ ৬০ হাজাৰ টকা লয়। অভিযুক্ত ইয়াতেই ৰৈ নাথাকি আৰু অধিক ধন বিচাৰে। তেতিয়াই সন্দেহ কৰি যুৱতীগৰাকীয়ে আৰক্ষীক অভিযোগ কৰে।

অভিযোগ লাভ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। বিজ্ঞাপনৰ লিংক আৰু ফোন নম্বৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে অভিযুক্তক। দিল্লী আৰক্ষীৰ উপ আয়ুক্ত সঞ্জয় ছাইয়ে জনোৱা মতে, তদন্তত অধিকাংশ ধন হাৰিয়ানাৰ পৰা লোৱা বুলি জানিব পৰা গৈছে। অভিযুক্তৰ মোবাইল নম্বৰৰ টাৱাৰটোও সেই অঞ্চলতে পোৱা যায়। ইয়াৰ পিছত আৰক্ষীৰ এটা দলে তাৰ পৰাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে যুৱকজনে। তেওঁ কয় যে covid ৰ বাবে চাকৰি হেৰুৱালে। ইয়াৰ পিছত যোৱা দুবছৰ ধৰি চাকৰিৰ নামত প্ৰতাৰণা কৰি আহিছে।

Leave A Reply

Your email address will not be published.