সুদীৰ্ঘ প্ৰায় ২০ বছৰৰ পিছত পুনৰ মুকলি হ’ল ধিং আৰক্ষী থানাৰ অন্তৰ্গত শলগুৰি আৰক্ষী পহৰা চকী

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শলগুৰি আৰক্ষী পহৰা চকী খন বিগত ১৯৮৭ চনতে স্থাপন হোৱা থানাখন ২০০৩-২০০৪ বৰ্ষত বন্ধ হৈ পৰে । যাৰ ফলত স্থানীয় লোকে বিভিন্ন সময়ত অসুবিধা সন্মূখীন হোৱা দেখিবলৈ পোৱা যায়। স্থানীয় লোকসকলৰ অনুৰোধ ৰক্ষা কৰি প্ৰশাসনে আজি পুনৰ মুকলি কৰে শলগুৰী আৰক্ষী পহৰা চকী ।
নগাঁও আৰক্ষী অধীক্ষক লীনা দলে আৰক্ষী পহৰা চকীৰ দ্বাৰ উন্মোচন আৰু নাৰিকল ভাঙি পুনৰ মুকলি কৰে ।
তাৰ পিছতে থানাখনৰ কোঠালী সমূহ আৰু চৌহদ পৰ্যবেক্ষণ কৰে ।আৰক্ষী অধীক্ষক গৰাকীয়ে স্থানীয় ৰাইজৰ এতিয়াৰ পৰা সকলো সমস্যা সমূহ সমাধান হব বুলি আশ্বাস প্রদান কৰে ।

AssamAssamese NewsDaily time axomIndiaNew Delhi
Comments (0)
Add Comment