Daily Time Axom

‘অপহৰণ’ কৰা ২০ হাজাৰ শিশুৰ ভিতৰত ৩১টা ইউক্ৰেইনলৈ উভতিল

0 29

ইউক্ৰেইনত যুদ্ধৰ জুইকুৰাত ঘৰ-দুৱাৰ-নগৰেই নহয়,হাজাৰ হাজাৰ শৈশৱো জ্বলি আছে। ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ বহু অংশৰ পৰা ৰাছিয়াই প্ৰায় ২০ হাজাৰ শিশুক ‘অপহৰণ’ কৰিছিল। শিশুসকলে তাত প্ৰায় অমানৱীয় দুখ-কষ্টত বাস কৰিছিল। অৱশেষত মানৱ অধিকাৰ সংগঠনৰ উদ্যোগত দেওবাৰে ইউক্ৰেইনত ৩১টা শিশুক পৰিয়ালৰ হাতলৈ উভতাই অনা হয় ।

জনা যায় যে ৰাছিয়াৰ দখলত থকা খাৰ্কভ আৰু কিয়েভৰ পৰা বহু শিশুক ৰাছিয়া আৰু ৰাছিয়াৰ দখলত থকা ক্ৰিমিয়ালৈ পঠিওৱা হয়। দীৰ্ঘদিন ধৰি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ আছে। ১৯ হাজাৰ ৫০০ শিশু ৰাছিয়াৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ আছিল। অৱশেষত মানৱ অধিকাৰ সংস্থা ছেভ ইউক্ৰেইনৰ পদক্ষেপ ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে। দেওবাৰে তেওঁলোকৰ পঞ্চমটো উদ্ধাৰ অভিযান সম্পূৰ্ণ হয়। ইউক্ৰেইনত চাৰিখন দেশ ভ্ৰমণ কৰি পুনৰ মাতৃৰ কোলালৈ ৩১টা শিশু অনা হয়।

Leave A Reply

Your email address will not be published.