Daily Time Axom

ইৰাণত হিজাব পৰিধান নকৰা মহিলাক ধৰা পেলাবলৈ কেমেৰা স্থাপন কৰিছে

0 27

মহিলাৰ হিজাব পৰিধানৰ বাধ্যবাধকতাক লৈ ইৰাণে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। হিজাব বা মূৰত কাপোৰ পৰিধান নকৰা মহিলাক ধৰা পেলাবলৈ মুকলি ঠাইত কেমেৰা লগোৱা হৈছে। শনিবাৰে ইৰাণৰ আৰক্ষীয়ে এই ঘোষণা কৰিছে।

আৰক্ষীয়ে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে হিজাব আইন উলংঘা কৰাসকলক চিনাক্ত কৰাৰ পিছত প্ৰথমে তেওঁলোকক “মোবাইললৈ সতৰ্কবাণী প্ৰেৰণ কৰি তেওঁলোকে সন্মুখীন হ’বলগীয়া পৰিণতিৰ বিষয়ে অৱগত কৰা হ’ব”।

ইৰাণৰ ন্যায়পালিকাৰ মুখপাত্ৰ মিজান নিউজ এজেন্সীয়ে কয় যে হিজাব আইন প্ৰতিৰোধ আৰু বাধাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোৱা হয় যে এনেধৰণৰ বাধা (হিজাব পিন্ধা মহিলাসকলে) দেশৰ আধ্যাত্মিক ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ লগতে নিৰাপত্তাহীনতা বাঢ়িছে।

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মাছা আমিনি নামৰ এগৰাকী ২২ বছৰীয়া কিশোৰীক তেহৰাণৰ নীতি আৰক্ষীয়ে হিজাব সঠিকভাৱে পৰিধান নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। তিনিদিন ধৰি আৰক্ষীৰ জিম্মাত ক’মাত থকা যুৱতীগৰাকীৰ মৃত্যু হয়।

মাছাৰ মৃত্যুত সমগ্ৰ ইৰাণত প্ৰতিবাদৰ সৃষ্টি হয়। কেইবামাহো ধৰি চলি থকা এই প্ৰতিবাদে ইৰাণৰ শাসকসকলক আতংকিত কৰি তুলিছিল।

মূলতঃ মহিলাসকলে এই প্ৰতিবাদৰ নেতৃত্ব দিছিল। হিজাব জ্বলাই আৰু হিজাব নোহোৱাকৈ বাহিৰলৈ ওলাই আহি মাছাৰ মৃত্যুৰ প্ৰতিবাদ।

Leave A Reply

Your email address will not be published.