Daily Time Axom

নলবাৰী কৃষক মৰ্চাৰ প্ৰতিটো মন্ডলত কনি ধান আৰু জৈৱিক সাৰৰ ওপৰত সজাগতাৰ বাবে পদযাত্ৰা

0 30

আজি ভাৰতীয় জাতীয় পাৰ্টীৰ নলবাৰী জিলাৰ কৃষক মৰ্চাই প্ৰতিটো মন্ডলত কনি ধান আৰু জৈৱিক সাৰৰ ওপৰত সজাগতাৰ বাবে পদযাত্ৰা কৰে।এই পদযাত্ৰাত নলবাৰী জিলাৰ কৃষক মৰ্চাৰ কাৰ্যকৰ্তাসকল দলীয় নিৰ্দেশত মন্ডল সমূহত উপস্থিত থাকি মন্ডল সমিতিৰ সহযোগত আৰু স্হানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠান টো সফল কৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসৰ “সামাজিক ন্যায় সপ্তাহ”উপলক্ষে।

আজিৰ এই দিনটোত বৰক্ষেত্ৰী কৃষক মৰ্চাৰ মন্ডল সমিতিয়ে মুকালমুৱাৰ শ্যামৰায় শাখা সত্ৰ প্ৰাঙ্গনত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰে। এই সভাত সভাপতিত্ব কৰে কৃষক মৰ্চাৰ মন্ডল সভাপতি অৰূপ কুমাৰ ডেকাই।সভাত উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটীৰ জি এম ডি ৰ অধ্যক্ষ নাৰায়ণ ডেকা, বানিজ্যিক উন্নয়ন নিগম অসম চৰকাৰৰ উপাধ্যক্ষ মধুৰাম ডেকা, নলবাৰী জিলাৰ কৃষক মৰ্চাৰ সভাপতি ৰেখান্ত দাস, নলবাৰী জিলাৰ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক হেমন্ত দাস, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সংখ্যা লঘূ মৰ্চাৰ সদস্য ৰুবুল আলি, বৰক্ষেত্ৰী মন্ডলৰ সভাপতি মোহন চন্দ্ৰ কলিতা, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী,বৰতলা জয়সাগৰ পঞ্চায়তৰ সভানেত্ৰী জুৰি বৈশ্যৰ লগতে দলীয় কাৰ্যকৰ্তা ।

Leave A Reply

Your email address will not be published.