ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে বলীউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। ৩২ বছৰ ধৰি হিন্দী চলচ্চিত্ৰ জগতত কাম কৰি আহিছে এইগৰাকী অভিনেত্ৰী। শেহতীয়াকৈ ৰাষ্ট্ৰপতি ভৱনৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে অভিনেত্ৰীগৰাকীয়ে। বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীক প্ৰশংসা কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ সকলো ছবি চাইছে।

বঁটা লাভ কৰাৰ অভিজ্ঞতা সন্দৰ্ভত ৰবীনাই কয় যে, ‘এয়া এক কৃতিত্ব যিটো সমগ্ৰ সমাজ, সমগ্ৰ জাতিৰ সন্মুখত স্বীকৃতি লাভ কৰিছে। সঁচাকৈয়ে মই সন্মানিত হৈছো।”
ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে কোৱাৰ সময়ত ৰবীনাই কয়, ‘এইটো এটা সুন্দৰ মুহূৰ্ত আছিল। ৰাষ্ট্ৰপতি মুৰ্মুৱে মোক কয় যে তেওঁ মোৰ সকলো চিনেমা চাইছে। মোৰ চিনেমাবোৰ তেওঁৰ ভাল লাগে। লগতে তেওঁ কয় যে মোক এই বঁটা দিয়াটো তেওঁৰ বাবে এক সন্মান। মইও তেওঁক কওঁ যে আপোনাৰ পৰা এইখিনি পোৱাটো মোৰ বাবে সৰ্বোচ্চ গৌৰৱ।”