Daily Time Axom

গুৱাহাটীত ট্ৰেফিক জাম সম্পৰ্কে বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাৰ টুইট

41

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ গুৱাহাটীত ট্ৰেফিকে জলা-কলা খুৱালে প্ৰীতি জিণ্টাক। খেল আৰম্ভ হোৱাৰ পাছত পলমকৈ ষ্টেডিয়ামত উপস্থিত অভিনেত্ৰীগৰাকী। টুইটযোগে প্ৰকাশ কৰিলে এই কথা। টুইটাৰত অৱশ্যে ক্ষোভ ব্যক্ত কৰা নাই প্ৰীতি জিণ্টাই।

বলীউডৰ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰে। বিগত ৫ এপ্ৰিলত আইপিএলৰ নিজ দল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলখন চাবলৈকো বৰষাপাৰা ষ্টেডিয়ামত গৈছিল। পঞ্জাৱ কিংছৰ এগৰাকী স্বত্বাধিকাৰী হিচাপে নিজৰ দলটোক উৎসাহ দিবলৈ অসমলৈ অহাৰ লগতে খেলখন উপভোগ কৰে। তেওঁ খেলখনৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰে।

প্ৰীতি জিণ্টাই টুইটত লিখে যে, ‘‘ট্ৰেফিক জাম ভয়ংকৰ আছিল, মন্দিৰলৈ যাওতে আমাক ২ ঘণ্টা সময় লগাৰ লগতে উভতি আহোতে পুনৰ ২ ঘন্টা আৰু খেলৰ বাবে ষ্টেডিয়ামলৈ যাওতে আৰু এঘণ্টা সময় লৈছিল। মই আধা খেল পোৱা নাছিলো কিন্তু কোনো আপত্তি নাই। মই মন্দিৰৰ বাবে ভ্ৰমণ কৰিছিলো।’’

Comments are closed, but trackbacks and pingbacks are open.