মহানগৰীৰ হাতীগাঁৱত ৮০ লাখ টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নিশা মহানগৰীৰ হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।

লক্ষ্মীনগৰৰ হাউছ নং ৫৭ত নিশা ১ বজাত আৰক্ষীৰ অভিযান। অভিযানত ৮০০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰা হয়। লগতে জব্দ কৰে এখন বিলাসী বাহন, ড্ৰাগছভৰ্তি ৬৯টা বাকচ, ৭ লাখ ৫৬ হাজাৰ টকা। ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় ৮০ লাখ টকা বুলি জানিব পৰা গৈছে।

আনহাতে, আৰক্ষী অহাৰ খবৰ পাই ড্ৰাগছ সৰবৰাহকাৰী পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

AssamAssamese NewsDaily time axomDrugsGuwahatiGuwahati PoliceIndiaSiezed