উত্তৰাখণ্ডৰ কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৪ গৰাকীকৈ কয়দী

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ উত্তৰাখণ্ডৰ এটা কাৰাগাৰত HIVৰ আতংক। কাৰাগাৰৰ প্ৰশাসন সূত্ৰই প্ৰকাশ কৰা মতে, কাৰাগাৰৰ ভিতৰত এগৰাকী মহিলাসহ ৪৪ গৰাকী লোক HIVৰ সংক্ৰমিত হৈছে। HIV সংক্ৰমিত কাৰাবন্দীসকলক এখন হাস্পটালত ভৰ্তি কৰোৱা হৈছে।

হাস্পটাল কৰ্তৃপক্ষই জনোৱা অনুসৰি, বিগত ফেব্ৰুৱাৰীত ২৩ জন লোক, মাৰ্চত পুনৰ আক্ৰান্ত হৈছিল ১৭জনকৈ লোক। ইয়াৰপূৰ্বে ১৪গৰাকীৰ দেহত পোৱা গৈছিল HIV। লগতে আটাইকেইজন কাৰাবন্দীয়ে মাদক দ্ৰব্য সেৱন কৰিছিল বুলি জানিব পৰা গৈছে।

Assamese NewsDaily time axomHIVIndiaJailPrisonersUttarakhand