কিশোৰ এজনৰ ওঁঠত চুমা খাই নিজৰ জিভা চুহিবলৈ দি বিতৰ্কত দালাই লামা

বৌদ্ধ সন্ন্যাসী দালাই লামাই এজন কিশোৰৰ ওঁঠত চুমা খাই বিতৰ্কত লিপ্ত হৈ পৰিছে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

বৌদ্ধ সন্ন্যাসীজনে কোৱা কেইটামান শব্দই এক উত্তপ্ত বিতৰ্কৰ আৰম্ভ কৰিছে। আনহাতে তেওঁ কিশোৰজনক কোৱা শুনা গৈছে, “মোৰ জিভাখন চুহিব পাৰিবনে?”

ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে ঘটনাটো ঘটিছিল এক ভৰপূৰ সভাত। দালাই লামাৰ কাষত কেইবাজনো বৌদ্ধ সন্ন্যাসী বহি আছিল। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা দালাইক সম্বৰ্ধনা জনাবলৈ আহিছিল কিশোৰজন। সেই সময়ত তেওঁৰ গালত ধৰি ওঁঠত চুমা খায় দালাই লামাই। তাৰ পিছতে জিভাখন উলিয়াই দিয়ে। ভিডিঅ’টোত তেওঁৰ কথাও শুনা গৈছে, “মোৰ জিভাখন চুহিব পাৰিবানে?”

ভিডিঅ’টো ওলোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ লামাৰৰ অনুৰাগীসকল অতিশয় বিচলিত হৈ পৰিছে। আধ্যাত্মিক গুৰুজনে কিশোৰজনৰ লগত কিয় এনে আচৰণ কৰিলে বহুতে বুজি পোৱা নাই! এতিয়া একাংশই শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment