মৈৰাবাৰীত মাহেকীয়া কাব্যানুষ্ঠান ‘বাটৰ কবিতা’

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আজি আবেলি ৪ বজাত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হৈ যায়। বিশিষ্ট কবি, লেখক বাহাৰুল উলুম চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত এই ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি খাইৰুল ইছলামে। অনুষ্ঠানত স্ব-ৰচিত কবিতা পাঠ কৰে মুহাম্মাদ আফজাল, আশ্ৰাফুল হক, খাইৰুল ইছলাম আৰু মুহাম্মাদ ফাহিমে। লগতে শিক্ষক জিন্নাতুল ইছলামে এটি গীত আৰু মাহীন চুলতানাই এটি কবিতা আবৃত্তি কৰি উপস্থিত কবি আৰু কাব্যপ্ৰেমী ৰাইজক মুগ্ধ কৰে।

অনুষ্ঠানত উপস্থিত থাকি ‘বাটৰ কবিতা’ৰ দৰে অনুষ্ঠানে সমাজ পৰিৱৰ্তনত আগভাগ লোৱাৰ কথা দোহাৰে যুৱ সাংবাদিক খালিদ আহমেদে। সঞ্চালক বাহাৰুল উলুম চৌধুৰীয়ে ‘বাটৰ কবিতা’ৰ যোগেদি সমাজত কাব্যিক জাগৰণ অনাৰ সমান্তৰালকৈ বৌদ্ধিক, নৈতিক আৰু মানসিক পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা বাৰুকৈয়ে আদৰণীয় বুলি মত ব্যক্ত কৰে। স্মৰ্তব্য যে তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment