প্ৰচণ্ড বতাহত গছ উভালি পৰি ৭ জন লোকৰ মৃত্যু

ধুমুহাত উভালি পৰা গছৰ চেপাত কমেও ৭ জন লোকৰ মৃত্যু হয়।

এই ঘটনাত আৰু ৫ জন লোক আহত হয়। দেওবাৰে মহাৰাষ্ট্ৰৰ আকোলাৰ এটা মন্দিৰৰ সন্মুখত এটা প্ৰকাণ্ড গছ বাগৰি পৰে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আকোলাৰ এটা মন্দিৰৰ সন্মুখত ধৰ্মীয় অনুষ্ঠানৰ সময়ত এজোপা গছ উভালি পেলোৱাত এই ঘটনা সংঘটিত হয়। ঘটনাৰ সময়ত বহু ভক্তই সেই টিন চেডৰ তলত আশ্ৰয় লৈছিল। আৰক্ষীৰ তথ্য অনুসৰি ৩৫ৰ পৰা ৪০জন লোকক চেডৰ তলত গছজোপাই চেপি ধৰে। ইয়াৰে ৭ জন নিহত হয়।

ইফালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে এই মৃত্যুক লৈ শোক প্ৰকাশ কৰে।

একনাথ শিণ্ডে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে নিহত পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

AssamAssamese NewsDaily time axomDeathGuwahatiInternationalNew Delhi
Comments (0)
Add Comment