মদে গছ এজোপা জীয়াই ৰাখিব পাৰে! বিজ্ঞানীসকলৰ আচৰিত দাবী

অত্যধিক মদ্যপানে মানুহৰ যকৃতৰ কি ক্ষতি কৰে সেয়া কোনে নাজানে! ইয়াৰ বাহিৰেও মদ্যপানৰ লগত আন বিভিন্ন শাৰীৰিক ক্ষতিৰ সম্ভাৱনা জড়িত হৈ আছে। কিন্তু মদ উদ্ভিদৰ বাবে বেয়া নহয়। অন্ততঃ এনে চাঞ্চল্যকৰ তথ্য এক নতুন অধ্যয়নে প্ৰকাশ কৰিছে।

সেই গৱেষণাৰ উৎসৰ পৰা জনা যায় ইথানলে শুষ্ক অঞ্চলত উদ্ভিদক জীয়াই ৰাখিব পাৰে। এই ৰাসায়নিক পদাৰ্থবোৰ যেতিয়া উদ্ভিদৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া ষ্টোমেটা বন্ধ হৈ যায়। অৰ্থাৎ ইথানলে পাতৰ অণুবীক্ষণিক ছিদ্ৰবোৰ বন্ধ কৰিব পাৰে, যাৰ মাজেৰে উদ্ভিদে নিজৰ শৰীৰৰ পৰা অতিৰিক্ত পানী বাহিৰ কৰিব পাৰে। গতিকে উদ্ভিদে অতিৰিক্ত পানী শৰীৰত জমা কৰিব পাৰে। যাৰ জৰিয়তে খৰাং হ’লেও গছজোপাই নিজৰ সকলো প্ৰয়োজন পূৰণ কৰিব পাৰে। এই ব্যৱস্থা শুকান মৰুভূমি অঞ্চলৰ উদ্ভিদত প্ৰাকৃতিকভাৱে দেখা যায়। ইহঁতৰ পাতত ডাঠ মামৰ দৰে আৱৰণ গঠন হয়। বা পাতবোৰ নিজেই কাঁইটলৈ পৰিণত হয়। এইদৰে উদ্ভিদে ছিদ্ৰবোৰ বন্ধ কৰি শৰীৰত অতিৰিক্ত পানী জমা কৰি ৰাখিব পাৰে। অৱশ্যে সাধাৰণ উদ্ভিদত ইথানলৰ দ্বাৰা পাতৰ ছিদ্ৰ বন্ধ কৰাটো সম্ভৱ বুলি গৱেষকসকলে ভাবে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment