Daily Time Axom

প্ৰিপেইড মিটাৰৰ সমস্যা দূৰ কৰিবলৈ APDCLৰ বিশেষ পদক্ষেপ, মুকলি কৰিলে হেল্পলাইন নম্বৰ

54

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আসোঁৱাহ আঁতৰাবলৈ APDCLৰ বিশেষ পদক্ষেপ৷ APDCLয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ এতিয়াৰে পৰা ১৯১২ নম্বৰত যোগাযোগ কৰিব পাৰিব গ্ৰাহকে৷

গ্ৰাহকৰ প্ৰশ্ন www.apdcl.org বা myBijulee APPৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব৷ ফেচবুক আৰু টুইটাৰত @apdclsocialত টেগিঙৰ জৰিয়তেও উত্থাপন কৰিব পাৰিব৷ মেইল কৰিব পাৰিব support@apdcl.orgত৷ সংশ্লিষ্ট উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিবলৈ গ্ৰাহকক আহ্বান জনায় ৷

Comments are closed, but trackbacks and pingbacks are open.