Daily Time Axom

আজিৰে পৰা দেশজুৰি দুদিনীয়াকৈ হাস্পতালত চলিব ক’ভিড মকড্ৰিল

68

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ দেশত ভয়ংকৰ হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ। আজিৰে পৰা দেশজুৰি দুদিনীয়াকৈ হাস্পতালত চলিব ক’ভিড মকড্ৰিল।কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই হাৰিয়ানা এইমছত অংশ ল’ব মকড্ৰিলৰ বিশেষ কাৰ্যসূচীত। দেশত ক্ৰমাগতভাৱে ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ ৪জনকৈ লোকৰ মৃত্যু। প’জিটিভিটিৰ হাৰ ৩.৩৯ শতাংশ। সম্প্ৰতি দেশত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩২,৮৮৪।

কভিডৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো স্বাস্থ্যমন্ত্ৰীকে সতৰ্কতামূলক এলাৰ্ট জাৰি। কভিডৰ সম্ভাব্য চতুৰ্থটো ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু দেশৰ স্বাস্থ্য বিভাগ।

ইতিমধ্যে হাৰিয়ানাৰ সকলো স্কুলত বাধ্যতামূলক কৰা হৈছে মাস্ক। দিল্লী, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশতো জনতাক কভিডৰ নীতি নিয়ম মানিবলৈ আহ্বান জনোৱা হৈছে। কেৰালাত গৰ্ভৱতী মহিলাৰ বাবে মাস্ক বাধ্যতামূলক কৰা হৈছে। উত্তৰ প্ৰদেশৰ বিমান বন্দৰত আন্তৰ্জাতিক যাত্ৰীৰ বাবে স্ক্ৰীনিং বাধ্যতামূলক কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.