দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ১২.৪০ বজাত বিশেষ বিমানেৰে ডিব্ৰুগড় পাবহি অমিত শ্বাহ। ১২.৪৫ বজাত অৰুণাচললৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে প্ৰথমবাৰ অৰুণাচললৈ অমিত শ্বাহ। অৰুণাচলৰ ভাৰত-চীন সীমান্তত মুকলি কৰিব কেইবাখনো আঁচনি। উদ্বোধন কৰিব ‘Vibrant Villages Programme’। আঞ্জাও জিলাৰ কিবিথুত অমিত শ্বাহে উদ্বোধন কৰিব এই আঁচনি। এই আঁচনিৰ অধীনত উন্নত কৰা হ’ব সীমান্তৰ গাঁৱৰ আন্তঃগাঁথনি।

আনহাতে, কাইলৈ ১১.৩৫ বজাত উপস্থিত হ’ব ডিব্ৰুগড় বিমান বন্দৰত। বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমিপূজন অনুষ্ঠানত অংশ ল’ব অমিত শ্বাহে। এই ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মানকটা খেলপথাৰত ১২.৫০ বজাত বিজেপিৰ বিশাল জনসভা। লগতে কৃষক কাৰ্যকৰ্তা সন্মিলনতো অংশ ল’ব অমিত শ্বাহে।

Amit ShahArunachal PradeshAssamAssamese NewsDaily time axomHimanta Biswa SarmaIndiaNorth Eastpolitics