নিউজ ডেস্ক, ১০ এপ্ৰিলঃ যাত্ৰীৰ অভদ্ৰ আচৰণৰ বাবে লণ্ডন অভিমুখী বিমান দিল্লীলৈ উভতিল। মাজ আকাশতেই এজন যাত্ৰীয়ে কেবিন ক্ৰুৰ সদস্যসকলক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ পিছতেই লণ্ডন অভিমুখী এখন বিমান দিলী বিমান বন্দৰলৈ উভতিবলগীয়া হয়। জানিব পৰা মতে, বিমান এআই ১১১ ত প্ৰায় ২২৫ জন যাত্ৰী আছিল।
দিল্লী-লণ্ডনৰ বিমানখনত যাত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমান খন পুনৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। অৱতৰণৰ পিছত তেওঁলোকে সুৰক্ষা কৰ্মীৰ হাতত ব্যক্তিজনক গতাই দিয়ে।আৰক্ষীৰ ওচৰত এখন এজাহাৰো দাখিল কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.