নিউজ ডেস্ক, ১০ এপ্ৰিলঃ দিল্লীৰ সময়পুৰ বদলী অঞ্চলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চুবুৰীয়াই উচ্চ স্বৰত সংগীত বজোৱাত বাধা দিয়াৰ পিছতেই গুলীয়াই হত্যা এগৰাকী ৩০ বছৰীয়া গৰ্ভৱতী মহিলাক। চুবুৰীয়াৰ গুলীত আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মহিলাগৰাকীৰ মৃত্যু হয়।
মৃত মহিলাগৰাকী ৰঞ্জু বুলি জানিব পৰা গৈছে। ইতিমধ্যে দিল্লী আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত হৰিশ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।