Daily Time Axom

টুইটাৰৰ প্ৰধানেও ভাৰতৰ প্ৰধানমন্ত্ৰীক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে

0 38

টুইটাৰৰ মুৰব্বী এলেন মাস্কে টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। এই তথ্য সোমবাৰে পোহৰলৈ আহে। সোমবাৰে পুৱা প্ৰায় ১১ বজাত ‘এলেন এলাৰ্টছ’ নামৰ এটা টুইটাৰ একাউণ্টৰ পৰা এই খবৰ প্ৰকাশ পাইছে। ইয়াৰ পিছত এলেনৰ টুইটাৰ চেক কৰিলে দেখা যায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী তেওঁৰ ফ’ল’ৱাৰ লিষ্টত আছে।
এলেনে যোৱা অক্টোবৰ মাহত টুইটাৰ কোম্পানীটো ক্ৰয় কৰিছিল। টুইটাৰতো তেওঁৰ অনুগামীৰ সংখ্যা সৰ্বাধিক। তেওঁৰ অনুগামী প্ৰায় ১.৩ কোটি। আনহাতে, মোডীৰ অনুগামীৰ সংখ্যাও কম নহয়। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিশ্বজুৰি অনুগামী ৮৭.৭ কোটি। মোদীয়ে অৱশ্যে দীৰ্ঘদিন ধৰি টুইটাৰত ইলনক অনুসৰণ কৰি আহিছে। সোমবাৰে প্ৰকাশ পাইছিল যে মোডীকে ধৰি ১৯৫ জন লোকক টুইটাৰত ফ’ল’ কৰিছিল এলেনে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ টুইটাৰত এলেনতকৈ বেছি অনুগামী আছিল। কিন্তু পিছত বৰাকক অনুগামীৰ সংখ্যাত এলেনে পৰাস্ত কৰে। বৰ্তমান ফ’ল’ৱাৰৰ সংখ্যাৰ ক্ষেত্ৰত ওবামা দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত জাষ্টিন বিবাৰ, চতুৰ্থ স্থানত কেটি পেৰী, পঞ্চম স্থানত আমেৰিকাৰ পপ গায়িকা ৰিহানা, ষষ্ঠ স্থানত ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো, সপ্তম স্থানত আন এগৰাকী পপ গায়ক টেইলৰ চুইফট। আৰু অষ্টম স্থানত আছে মোডীৰ নাম।

Leave A Reply

Your email address will not be published.