৩০ এপ্ৰিলত ছলমান খানক হত্যা কৰাৰ ভাবুকি যোধপুৰৰ এজন যুৱকৰ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ শেহতীয়াকৈ বলিউডৰ অভিনেতা ছলমান খানে ইটোৰ পিছত সিটো মৃত্যুৰ ভাবুকি লাভ কৰিছে। সোমবাৰে নিশা অভিনেতা ছলমান খানে ৰাজস্থানৰ যোধপুৰৰ এজন ‘ৰকি ভাই’ৰ পৰা ফোনযোগে পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰে। ৰাজস্থানৰ শ্বাহপুৰৰ এজন যুৱকে এই ফোন কৰে।

আৰক্ষীয়ে শ্বাহপুৰৰ যুৱকজনক আটক কৰি অধিক তদন্তৰ বাবে মুম্বাইলৈ লৈ আহিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, “কালি পুলিচ কণ্ট্ৰল ৰুমত পোৱা এটা ফোনত ৰাজস্থানৰ যোধপুৰৰ পৰা নিজকে ‘ৰকি ভাই’ বুলি পৰিচয় দিয়া এজন লোকে ৩০ এপ্ৰিলত অভিনেতা ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল। অধিক তদন্ত চলি আছে।”

Assamese NewsbollywoodDaily time axomDeath ThreatIndiaMumbai PoliceSalman Khan