মহানগৰীত ভয়ংকৰ ঘটনা! STARBUCKS ৰ মেনেজাৰক ছুৰিকাঘাট দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ নিশা মহানগৰীত ভয়ংকৰ ঘটনা। জি এছ ৰোডৰ STARBUCKSৰ মেনেজাৰক চুৰিকাঘাত। মেনেজাৰ ভাস্কৰ জ্যোতি দাসক উপৰ্যুপৰি চুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। স্কুটীত অহা দুই দুৰ্বৃত্তৰ চোকা অস্ত্ৰই আঘাত কৰে মেনেজাৰজনক।

এ বি চি পইণ্টত এই চুৰিকাঘাতৰ ঘটনা সংঘটিত হয়। নিশা দোকান বন্ধ কৰি স্কুটীৰে ঘৰলৈ গৈ আছিল ভাস্কৰজ্যোতি দাস। সেই সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰে লোকজনক। সংকটজনক অৱস্থাত প্ৰত্যক্ষদৰ্শীয়ে লোকজনক ভৰ্তি কৰে GMCHত।

ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভাস্কৰৰ পৰিয়ালে। সুৰাপান কৰি অহা দুই যুৱকে ৰাজপথত আক্ৰমণ কৰিছিল ভাস্কৰ দাসক।

AssamAssamese NewsDaily time axomGuwahatiIndiaInjuredStabbed