Daily Time Axom

গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ, হাতীৰ গছকত প্ৰাণ গ’ল এগৰাকী যুৱতীৰ

54

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ ৰাজ্যত পুনৰ বন্যহস্তীৰ আক্ৰমণ। হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী যুৱতী। গোৱালপাৰাত হাতীৰ গছকত নিহত ২১ বছৰীয়া নিলীমা খাতুন নামৰ এগৰাকী যুৱতী। নিশা প্ৰায় ৯ মান বজাত গোৱালপাৰাৰ বগুৱানৰ বোৱালমাৰী গাঁৱত হাতীৰ বৃহৎজাকে চলায় তাণ্ডৱ।

তেনেতে হাতীয়ে গছকি প্ৰাণ কাঢ়িলে যুৱতীগৰাকীৰ।আনহাতে, কোনোমতে পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ আন সদস্যই।

Comments are closed, but trackbacks and pingbacks are open.