নিউজ ডেস্ক, ১১ এপ্ৰিলঃ ১৪ এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া মেগা বিহু সন্দৰ্ভত দুষ্ট চক্ৰই চলাইছে অপপ্ৰচাৰ ৷ সামাজিক মাধ্যমযোগে মন্ত্রী পীযুষ হাজৰিকাই দিলে সকিয়নী।
গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়াৰ লক্ষ্যৰে সৰুসজাইত আয়োজিত সুবিশাল বিহু অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰৱেশপত্ৰৰ বাবে দিব নালাগে টকা। কাৰণ কলাক্ষেত্ৰত বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে প্ৰৱেশপত্ৰ। চৰকাৰক দুৰ্নাম কৰিবলৈ সেই বিহু অনুষ্ঠানৰ টিকট কলাক্ষেত্ৰত বিক্ৰী হ’ব বুলি অপপ্ৰচাৰ চলাইছে দুষ্ট চক্ৰই। এইদৰে ছচিয়েল মিডিয়াত উল্লেখ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই জনালে বিনামূলীয়াকৈ চাব পাৰিব ১৪ এপ্ৰিলত হ’বলগীয়া সৰুসজাইৰ অনুষ্ঠান।